12:56 PM : যিসকলৰ বার্ষিক আয় ৫০ লাখৰ পৰা ১ কোটি টকাৰ ভিতৰত তেওঁলোকে ১০ শতাংশ উপ কৰ দিব লাগিব।

12:55 PM : ৩ লাখ টকা পর্যন্ত আয়ত কোনো কৰ নাথাকিব।

12:52 PM : বছৰত ১ কোটি টকাৰ বেছি আয় হ’লে ১৫ শতাংশ উপ কৰ দিব লাগিব।

12:51 PM : ব্যক্তিগত বার্ষিক আয় ২.৫ৰ পৰা ৫ লাখৰ ভিতৰত হ’লে কৰ দিব লাগিব ৫ শতাংশ। পূৰ্বতে সেয়া আছিল ১০ শতাংশ।

12:49 PM : ৰাজনৈতিক দলসমূহৰ ড’নেশ্যন সংক্রান্তীয় নতুন নিয়ম নিৰ্ধাৰণৰ যো-জা।

12:42 PM : ৩ লাখ টকাৰ অধিক লেনদেন নগদত কৰিব পৰা নাযাব৷

12:38 PM : আবাসৰ ক্ষেত্রত বিল্টআপ এৰিয়াকে কাৰ্পেট এৰিয়া হিচাপে ধৰা হ’ব । 

12:34 PM : মধ্যবিত্তসকলে আয়কৰৰ বিশেষ সুবিধা পাব।

12:33 PM : কৰৰ ক্ষেত্রত ৰাজহ আয় ১৭ শতাংশ বৃদ্ধিৰ সম্ভাৱনা৷

12:30 PM : দেশৰ ২৫ লাখ মানুহৰ বার্ষিক আয় ১০ লাখৰ অধিক।

12:29 PM : মেডিকেল স্নাতকত্তোৰত ৫০০০ আসন।

12:28 PM : বিজ্ঞান আৰু গৱেষণা ক্ষেত্রত ধাৰ্য হ’ল ৩৭ হাজাৰ ৪৩৫ কোটি টকা। ৰাজ্য আৰু কেন্দ্র শাসিত অঞ্চলৰ বাবে ৪ লাখ ১১ হাজাৰ কোটি টকা নিৰ্ধাৰণ৷ ৰেভিনিউ ডেফিসিট এই মুহূর্তত ১.৯ শতাংশ৷

12:23 PM : ৰেল যাত্রী সুৰক্ষাৰ বাবে ৫ বছৰত ধাৰ্য ১ লাখ কোটি টকা।

12: 20 PM : প্ৰতিৰক্ষাৰ বাবে ধাৰ্য ২ লাখ ৭৪ হাজাৰ ১১৪ কোটি টকা৷ ইয়াৰ ভিতৰত অন্তৰ্ভূক্ত নহ’ব প্ৰতিৰক্ষা বিভাগৰ পেঞ্চন স্কিম

12:19 PM : দেশ এৰি পলায়ন কৰা অপৰাধীসকলৰ সম্পত্তি বাজেয়াপ্ত কৰা হ’ব৷

12:18 PM : খৰছ-প্রতিযোগিতাৰ প্ৰতি গুৰুত্ব দি নিৰ্ধাৰণ কৰা হ’ব ৰেলৰ ভাৰা৷

12:15 PM : এইবাৰ ডাকঘৰতে পোৱা যাব পাছপ’ৰ্ট।

12:09 PM : IRCTC-ৰ দৰে ৰেল সংস্থাসমূহ অন্তৰ্ভূক্ত হ’ব শ্বেয়াৰ বজাৰত।

12:08 PM : ভবিষ্যতত অনলাইন এফডিআই প্রকল্প আৰম্ভ কৰাৰ পৰিকল্পনা।

12:07 PM : মহিলা শক্তি কেন্দ্রেৰ বাবে ৫০০ কোটি টকা ধাৰ্য। মহিলা আৰু শিশু কল্যাণৰ ক্ষেত্রত ধাৰ্য ১ লাখ ৮৪ হাজাৰ কোটি টকা।

12:05 PM : প্ৰতিটো গাঁও পঞ্চায়ততে ব্ৰড বেণ্ড লিংক দিয়া হ’ব৷

12:04 PM : পিপিপি মডেলত সৰু চহৰতো নিৰ্মাণ হ’ব বিমান বন্দৰ৷

12:04 PM : ডেৰ লাখ হেলথ চেণ্টাৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব সমগ্ৰ দেশত৷

12:02 PM : পৰিকাঠামো উন্নয়নৰ বাবে ধাৰ্য কৰা হ’ল ৩ লাখ ৯৬ হাজাৰ ১৩৫ কোটি টকা।

12:01 PM : নতুন মেট্রো ৰেল প্রকল্প আৰম্ভ কৰা হ’ব, যাতে দেশেৰ যুৱচামে কৰ্ম সংস্থাপন লাভ কৰে।

12:00 PM : ফচল বীমা যোজনাত ৯ হাজাৰ কোটি টকা।

11:59 AM : ৰেলৰ ডবাত থাকিব বায়’ টয়লেট। মূল লক্ষ্য স্বচ্ছ ৰেলৱেজ।

11:58 AM : ২০০০ কিমি উপকূলৱর্তী পথ নিৰ্মাণ কৰা হ’ব।

11:53 AM : দেশৰ ৫০০টা ষ্টেশ্যনত থাকিব 'ডিফাৰেন্টলি এবলড'-সকলৰ বাবে বিশেষ ব্যবস্থা। থাকিব লিফ্ট আৰু এস্কালেটৰৰ ব্যৱস্থা।

11:52 AM : ৩৫০০ কিমি ৰেল লাইন স্থাপনৰ উদ্যোগ ২০১৭-১৮ অর্থবৰ্ষত।

11:51 AM : ২০১৭-১৮ অর্থবৰ্ষত ৰেলৰ বাবে বাজেট ধাৰ্য্য হ’ল ১ লাখ ৩১ হাজাৰ কোটি।

11:50 AM : ২০২৫-এৰ ভিতৰত ক’লাজ্বৰ আৰু যক্ষ্মা নির্মূল।

11:30 AM : বিমুদ্ৰাকৰণ এক অত্যন্ত সাহসী পদক্ষেপ।

11:30 AM : কৃষিক্ষেত্ৰৰ বৃদ্ধিৰ হাৰ ৪.১ শতাংশ।

11:28 AM : আগন্তুক বৰ্ষৰ লক্ষ্য হৈছে ট্ৰান্সফৰ্ম, এনাৰ্জাইজড আৰু স্বচ্ছ ভাৰত।

11:26 AM : আগন্তুক পাঁচ বছৰত কৃষকৰ আয় হ’ব দুগুণ।

11:25 AM : গ্ৰামোন্নয়ন আৰু দৰিদ্ৰতা দূৰীকৰণ হ’ব মূল লক্ষ্য।

11:24 AM : ১৮ বছৰত বৃদ্ধি হাৰ হ’ব ৭.৮ শতাংশ।

11:23 AM : আগন্তুক বিত্তীয় বৰ্ষত বৃদ্ধিৰ হাৰ হ’ব ৭.১ শতাংশ।

11:22 AM : দৰিদ্ৰৰ উন্নতিৰ বাবে ব্যয় কৰিব পৰা যাব অধিক ধন।

11:19 AM : কাৰেণ্ট একাউণ্টৰ ঘাটি কমিছে ।

11:18 AM : ভাৰতবৰ্ষৰ অৰ্থনীতিত আহিছে পৰিৱৰ্তন।

11:18 AM : বিমুদ্ৰাকৰণৰ প্ৰভাৱত দূৰ্নীতি কমিব।

11:17 AM : আমেৰিকাৰ সুত বঢ়োৱাৰ ফলত বৈদিশিক বিনিয়োগ কমিব পাৰে।

11:16 AM : মূল্যবৃদ্ধিৰ হাৰ ৩ শতাংশলৈ হ্ৰাস।

11:13 AM : নিয়োগ সৃষ্টি কৰাত গুৰুত্ব আৰোপ।

বাজেটৰ প্রধান লক্ষ্য ... 
১. কৃষক 
২. গ্রামীণ জনতাৰ উন্নতি 
৩. দেশৰ যুৱ সমাজৰ উন্নতি 
৪. দৰিদ্ৰ আৰু বঞ্চিত শ্ৰেণীৰ উন্নতি 
৫. অর্থনৈতিক ক্ষেত্ৰত বিশেষ গুৰুত্ব 
৬. ডিজিটেল ইকনমি 
৭. সৰ্বসাধাৰণৰ বাবে কাম 
৮. প্রুডেন্ট ফিস্কেল মেনেজমেন্ট 
৯. আয়কৰৰ ক্ষেত্রত লোৱা হ’ব "honoring the honest"৷