Home গুৱাহাটীগুৱাহাটীৰ মহানগৰীত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ বহু পার্ক তথা অৱসৰ বিনোদনৰ স্থলী এতিয়া একাংশ নাবালক তথা নৱ-প্ৰজন্মৰ বাবে অনৈতিক কাৰ্যৰ স্থলী হৈ পৰিছে

গুৱাহাটীৰ মহানগৰীত অসম চৰকাৰৰ পৰ্যটন বিভাগৰ বহু পার্ক তথা অৱসৰ বিনোদনৰ স্থলী এতিয়া একাংশ নাবালক তথা নৱ-প্ৰজন্মৰ বাবে অনৈতিক কাৰ্যৰ স্থলী হৈ পৰিছে

by News Desk
A+A-
Reset
Untitled-TrueColor-01

গুৱাহাটীঃ দেশী-বিদেশীৰ পৰ্যটকক আকৰ্ষণ তথা অৱসৰ বিনোদনৰ বাবে গুৱাহাটীৰ মহানগৰীত অসম চৰকাৰৰ পৰ্যটন বিভাগে স্থাপন কৰা বহু সংখ্যক পার্ক তথা অৱসৰ বিনোদনৰ স্থলী এতিয়া ৰূপান্তৰ হৈছে একাংশ নাবালক তথা নৱ-প্ৰজন্মৰ বাবে অনৈতিক কাৰ্যৰ স্থলীলৈ। উপযুক্ত নিৰাপত্তাৰ নথকাৰ বাবে বহু সংখ্যক পাৰ্কক এতিয়া নৱপ্ৰজন্মই বাছি লৈছে মাদকদ্ৰব্য তথা ৰাগীয়াল দ্ৰব্য সেৱনৰ স্থলীলৈ। 

বৰ্তমান সময়ত যুৱ প্ৰজন্মই ৰাগীয়াল দ্ৰব্য সেৱনৰ মূল স্থলী হিচাপে বাচি লোৱা গুৱাহাটী মহানগৰীৰ এখন পার্ক হৈছে গুৱাহাটীৰ উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত ‘সতী-ৰাধিকা প্ৰশান্তি উদ্যান’। অসম চৰকাৰৰ পৰ্যটন বিভাগৰ অধীনৰ পার্কখনলৈ দৈনিক ভালে সংখ্যক দেশী-বিদেশী পৰ্যটক তথা গুৱাহাটীৰবাসী ৰাইজ পার্কখনলৈ অৱসৰ বিনোদনৰ বাবে আহে। কিন্তু অতি পৰিতাপৰ কথা দেশী-বিদেশী পৰ্যটক তথা স্থানীয় অঞ্চলবাসী ৰাইজে পার্কৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহি প্ৰত্যেক দিনাই প্ৰত্যক্ষ কৰে একাংশ নৱ-প্ৰজন্মৰ যুৱকক ড্ৰাগছ, ড্ৰেন্দ্ৰাইড, ভাং-মদ আদি ৰাগীয়াল তথা মাদক দ্ৰব্য সেৱন কৰা। ফলত বহু সময়ত পৰ্যটক তথা অৱসৰ বিনোদনৰ বাবে অহা লোকসকলে পাৰ্কখনত নিৰাপত্তাহীনতাত ভোগা কথাও ব্যক্ত কৰিছে। 
এই সন্দৰ্ভত পার্ক খনৰ তত্বৱধানৰ দায়িত্বত নিয়োজিত হৈ থকা কৰ্মচাৰীয়ে জানিবলৈ দিয়ে পার্কখনত একাংশ নৱপ্ৰজন্মৰ যুৱকে মাজে-সময়ে ৰাগীয়াল দ্ৰব্য সেৱন কৰাৰ বাবে আহে বুলিও।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0