newsnextone|| ডিজিটেল ডেস্কঃ পাকিস্তান ক্ৰিকেট বৰ্ড পিচিবিয়ে শুকুৰবাৰে দেশৰ ক্ৰিকেট দলৰ অন্যতম খেলুৱৈ নাছিৰ জামছেদক ১০ বছৰৰ প্ৰতিবন্ধকতা লগায়।দুৰ্নীতি বিৰোধী নিয়মক বাৰে বাৰে উলংঘা কৰা বাবে এই শাস্তি প্ৰদান কৰে খেলুৱৈ গৰাকীক।
তিনিজন সদস্যৰে গঠিত এখন বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰা হয়। লগতে কোৱা হয় যে, অকল দুৰ্নীতি বিৰোধী নিয়মৰ বাবেই নহয় ভ্ৰষ্ট্ৰাচাৰ বিৰোধী নিয়মো পাঁচৰ পৰা সাত বাৰ উলংঘা কৰা বাবে এই কঠোৰ শাস্তি প্ৰদান কৰা হয়।