newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজনীতিৰ নিমিলা অংকৰ মিলোৱাৰ বাবে এশ কোটি পৰ্যন্ত টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে বিজেপিয়ে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কৰ্ণাটকৰ ৰাজপাট ভঙা-গঢ়াৰ হৰ্তা-কৰ্তাস্বৰূপ হৈ পৰা জনতা দল (চেকিউলাৰ)ৰ অধ্যক্ষ এইচ ডি কুমাৰস্বামীয়ে। জেডিএছৰ বেনাৰত জয়লাভ কৰা প্ৰাৰ্থীৰ একাংশক কেন্দ্ৰীয় শাসনাধিস্থ বিজেপি দলটোৱে টকাৰে গেৰুৱাকৰণ কৰোৱাৰ চেষ্টা চলোৱা বুলি কুমাৰস্বামীৰ অভিযোগ উত্থাপন কৰিছে দলীয় বৈঠকত।
২০০৮ চনত বিজেপিয়ে অতিকমেও ছজন জেডিএছ আৰু কংগ্ৰেছৰ বিধায়কক পদত্যাগ কৰাবলৈ বাধ্য কৰাই বিজেপিৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ কৰোৱাই শাসনলৈ আহিছিল। সেই ৰাজনৈতিক অংকক নাম দিয়া হৈছিল ‘অপাৰেছন কমল’। তেনে পৰিস্থিতি উদ্ভৱ হ’লে নিজৰ ভৰিতে বিজেপিয়ে কুঠাৰ মৰাৰ দৰে হ’ব বুলি বুধবাৰৰ বৈঠকত কুমাৰস্বামীয়ে মন্তব্য কৰে। বিজেপিয়ে হৰ্ছ ট্ৰেডিং কিম্বা বিধায়ক চিকাৰৰ দৰে কাৰ্যত লিপ্ত হ’লে মনে মনে নথকাৰো হুংকাৰ দিয়ে দলৰ অধ্যক্ষজনে। মনে মনে থাকিবলৈ মই সন্যাসী নহয়, মই নীৰৱে এই কাৰবাৰ চাই হাতসাৱটি বহি নাথাকো বুলি কয় কুমাৰস্বামীয়ে।