68
ডিজিটেল ডেস্কঃ মাজ নিশা হঠাৎ ১৫ মিনিটৰ বাবে ৰহস্যজনকভাৱে বন্ধ হৈ পৰিছিল অক্সিজেন যোগান। ফলত চিকিৎসালয়ৰ বিছনাত জীৱন ঘূৰাই পাবলৈ আহি একে সময়তে মৃত্যুক সাবতিলে ১১ জনকৈ ৰোগীয়ে। ইয়াৰ ভিতৰত আছে দুটি শিশু। এই মৰ্মান্তিক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ইন্দোৰৰ এম ৱাই হাস্পতালত।
অৱশ্যে মৃত্যুৰ কাৰণ গোপনে ৰখাৰ চেষ্টা কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই। দাবী কৰা হৈছিল যে চিকিৎসালয়ত এনে মৃত্যু কোনো অস্বাভাৱিক ঘটনা নহয়। প্ৰতিদিনে এনে অলেখ ঘটনা ঘটে।