ডিজেটেল ডেস্কঃ পহিলা জুলাইৰ পৰা কাৰ্যকৰ হ’ব সামগ্ৰী আৰু সেৱা কৰ। জিএছটি কাৰ্যকৰ কৰাৰ আগেয়ে বিশেষ সংসদীয় বৈঠকৰো আয়োজন কৰা হ’ব। জম্মু-কাশ্মীৰত বাদে বাকী কেইখন ৰাজ্যই জিএছটিৰ বাবে প্ৰয়োজনীয় আইন-নিৰ্দেশনা জাৰী কৰি সাজু হৈছে। 

আপুনি সাজু হওক। কিয়নো জিএছটিৰ প্ৰাকমূহুৰ্তত দুচকীয়াৰ পৰা আৰম্ভ কৰি আ-অলংকাৰলৈ চলিছে ৰেহায় মূল্যত বিক্ৰীৰ ঢৌ। কিহৰ দাম কমিব, কিহৰ দাম বাঢ়িব- সেয়া জানি লৈ আপুনি প্লেন কৰিব পাৰিব শ্বপিঙৰ।

সোণ-ৰূপঃ

সোণৰ দাম লক্ষণীয়ভাৱে বঢ়া-টুটা নহ’লেও মেকিং চাৰ্জ বাঢ়িব। কিয়নো আগতে সোণত আছিল ১% এক্সাইজ আৰু ২% ভেট। এতিয়া তাতে হ’ব ৩% জিএছটি। তদুপৰি আগতে মেকিঙত নাছিল কোনো কৰ। কিন্তু এতিয়া মেকিঙতো লাগিব ১৮% জিএছটি। গতিকে কিনি থওক।  

ম’বাইল ফোনঃ

ম’বাইল ফোনত এতিয়া ১৩.৫% কৰ লাগি আছে যদিও জিএছটিৰ পিছত এই কৰ ১২ ৰপৰা ১৮% হ’বগৈ। ম’বাইল ফোনৰ মূল্য আগতকৈ ৫% বাঢ়িব। 

দুচকীয়া-চাৰিচকীয়াঃ

বাহনতো ৮ ৰপৰা ১০ শতাংশ মূল্য বাঢ়িব বুলি অনুমান কৰা হৈছে। জিএছটিৰ আগেয়ে কেতবোৰ বাহন ৫ ৰপৰা ১০ শতাংশ ৰেহায় মূল্যত ইতিমধ্যে ভালেকেইটা কোম্পানীয়ে প্ৰি-জিএছটি চেলৰ বাবে কথা ঘোষণা কৰা বুলি জানিবলৈ পৰা গৈছে। 

লেপটপ-ডেস্কটপঃ

লেপটপ-ডেস্কটপৰো বাঢ়িব দাম। কিয়নো আগৰ ১৫ শতাংশৰ পৰা কৰ ১৮ শতাংশ হ’ব। ১ জুলাইৰ পৰা লেপটপ-ডেস্কটপৰ দাম ৫% মান বাঢ়িব। সেয়ে ফ্লিপকাৰ্ট, আমাজান  আদি অনলাইন ৰিটেইলাৰে ইতিমধ্যে হেভি অফাৰ দি ষ্টক খালি কৰাত লাগিছে।

টিভি-ফ্ৰীজঃ

টিভি, ফ্ৰীজ আদিৰ ক্ষেত্ৰত মূল্যৰ লক্ষণীয় পৰিৱৰ্তন দেখা নাযাব।