ডিজিটেল ডেস্কঃ লাখপতি হ’বলৈ সহজ সুযোগ! পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক শিৰচ্ছেদ কৰক আৰু লৈ যাওক ১১ লাখ। ৰাজ্যখনৰ বিজেপি যুৱ মৰ্চাৰ যোগেশ ভাৰ্ছানী নামৰ এজন সদস্যাই এনেদৰে মূৰৰ মূল্য নিৰ্ধাৰণেৰে হত্যাৰ ভাবুকি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীক।
এনে কাৰ্যক তীব্ৰ গৰিহণা দিছে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভীয়ে। ‘এনে ধৰণৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিছো। ৰাজ্য চৰকাৰে শীঘ্ৰে এনে লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা উচিত।’-নকভীয়ে কয়।