newsnextone.com গুৱাহাটীঃ ক্ৰমাগতভাৱে হ্ৰাস পাইছে পেট্ৰল-ডিজেলৰ দাম৷ মূল্যবৃদ্ধিয়ে একেৰাহে প্ৰায় এটা পষেক দেশবাসীক হাৰাশাস্তি কৰাৰ পিছত এতিয়া প্ৰায় এসপ্তাহ ধৰি ক্ৰমাগতভাৱে হোৱা সামান্য পৰিমাণে হ’লেও মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷ মঙলবাৰে পেট্ৰলত ১৪ পইচা আৰু ডিজেল ১০ পইচা প্ৰতি লিটাৰত হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল৷ 

আন্তঃৰাষ্ট্ৰীয় বজাৰত দাম বঢ়াৰ বাবে দাম বৃদ্ধি হৈছিল পেট্ৰল-ডিজেলৰ৷ মূল্যবৃদ্দিৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয়৷ মূল্যবৃদ্ধিৰ ফলত সংঘটিত হোৱা যাত্ৰীবাহী বাহনৰ ভাড়া বৃদ্ধি তথা অন্যান্য লাগতীয়াল সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধৰণ জনতাক মাধমাৰ শোধোৱা পৰিলক্ষিত হৈছিল৷

বৰ্তমানেও দেশৰ প্ৰায়বোৰ চহৰত পেট্ৰল প্ৰতি লিটাৰত ৮০তকৈ অধিক দৰত বিক্ৰী হৈ আছে যদিও সামান্য পৰিমানে হ’লেও হোৱা মূল্য হ্ৰাসে সাধাৰণ জনতাৰ মনত আশাৰ সঞ্চাৰ কৰা পৰিলক্ষিত হৈছে৷

মঙলবাৰে গুৱাহাটীত পেট্ৰল মূল্যত ১৪ পইচা হ্ৰাস হৈ ৮০.০৩ টকা আৰু ডিজেলত ১০ পইচা হ্ৰাস হৈ ৭১.৯১ টকা দৰত বিক্ৰী হৈছিল৷ বুধবাৰে পুনৰ ১১ পইচাৰ সামান্য মূল্য হ্ৰাসৰ ফলত পেট্ৰল ৭৯.৯২ টকা আৰু ডিজেলত ৮ পইচা হ্ৰাস হৈ ৭১.৮৩ টকা দৰত বিক্ৰী হোৱা পৰিলক্ষিত হয়৷