ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ইতিমধ্যে ৰাষ্ট্ৰীয় চলচিত্ৰ পুৰস্কাৰ সমূহ প্ৰদান কৰে৷ ৩ এপ্ৰিলৰ সন্ধিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট লোকসকলক পুৰস্কাৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে৷ 

ৰাষ্ট্ৰপতিয়ে সময়ৰ অভাৱৰ বাবে ১৪০ জন পুৰস্কাৰ প্ৰাপ্তৰ পৰিৱৰ্তে ১১ গৰাকীৰ হাতত হে পুৰস্কাৰ তুলি দিব বুলি ওলোৱা খবৰে যথেষ্ট বিতৰ্কৰো সৃষ্টি হৈছিল৷ যিয়ে নহওক বঁটা প্ৰদান অনুষ্ঠানত সকলোৰে দৃষ্টি পৰিছিল প্ৰয়াত অভিনেত্ৰী শ্ৰীদেৱীৰ দুই কন্যাৰ ওপৰত৷


 
পুৰস্কাৰ প্ৰদান অনুষ্ঠানলৈ পিতৃ বনী কাপুৰৰ সৈতে আহে দুই কন্যা জাহ্নৱী আৰু শ্বুচী৷ পিতৃয়ে পুৰস্কাৰ গ্ৰহণ কৰিবৰ সময়ত দুই কন্যাক মঞ্চলৈ নিয়ে৷

সেই সময়ত বনী কাপুৰে আৱেগিক হৈ পৰে৷ শ্ৰীদেৱীৰ কন্যা জাহ্নৱীয়ে মাতৃৰ শাৰী পিন্ধি অহা পৰিলক্ষিত হয়৷ 

দিল্লীৰ বিজ্ঞান ভৱনত পিতৃ বনী কাপুৰ, দুই কন্যা জাহ্নৱী আৰু শ্বুচীয়ে মাতৃক মৰণোত্তৰ ভাৱে প্ৰদান কৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ পুৰস্কাৰ গ্ৰহণ কৰে৷ শ্রীদেৱীয়ে ‘মম’ চিনেমাৰ বাবে এই পুৰস্কাৰ লভ কৰে৷