24
নিউয়ৰ্কঃ বিশ্বৰ জনপ্ৰিয় পপ গায়ক জাষ্টিন বিবাৰে চলিত সপ্তাহত হ’বলগীয়া সকলোবোৰে শ্ব’ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শাৰীৰিক অসুস্থতাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে শিল্পীগৰাকী।
ইনষ্টাগ্ৰামত এটি ভিডিঅ’ পোষ্ট কৰি নিজৰ এই শাৰীৰিক অসুস্থতাৰ কথা সদৰী কৰিছে বিবাৰে। ভিডিঅ’টোত উল্লেখ কৰা মতে তেওঁ ‘ৰামছে হাণ্ট ছিণ্ড্ৰম’ত আক্ৰান্ত হৈছে।