বলিষ্ঠ আৰু বাস্তৱসন্মত অভিনয়ৰে সমগ্ৰ বিশ্বতে সুকীয়া স্থান দখল কৰিবলৈ সমৰ্থ হোৱা অভিনেতা ইৰফান খান আৰু নাই। বুধবাৰে পুৱাৰ ভাগত দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। অস্কাৰজয়ী দুখনকৈ চলচিত্ৰত অভিনয় কৰা ইৰফান খানে অভিনয়ৰ বাবে কেবাবাৰো অসমলৈকো আহিছিল। ক্ৰিকেটাৰ হোৱাৰ সপোন দেখি মেকানিকৰ পৰা গৈ অপৰিসীম ত্যাগ আৰু কষ্টৰে অভিনয় জগতৰ শিখৰত আৰোহণ কৰিবলৈ সমৰ্থ এইগৰাকী অভিনেতাৰ জীৱনৰ বিষয়ে সবিশেষ সামৰি লিখিছে প্ৰাণজিৎ ডেকাই।
♦ মন মেলিছিল তেওঁ ক্ৰিকেটৰ পথাৰলৈ। সম্ভাৱনাৰ অনেক স্বপ্নই তেওঁক ক্ৰিকেটৰ জগতলৈ আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা যোগাইছিল। পিছে সময়ৰ নিজস্ব গতিত শৈশৱৰ পৰাই ক্ৰিকেটাৰ হোৱাৰ স্বপ্নই খেদি ফুৰা এই ব্যক্তিগৰাকীয়েই কালক্ৰমত হৈ উঠিল এগৰাকী ব্যতিক্ৰমী ধাৰাৰ শক্তিশালী অভিনেতা। নিজৰ অভিনয় ক্ষমতা অকল দেশতেই সীমাৱদ্ধ নাৰাখি এই খ্যাতি বিয়পাই দিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ। এই সাফল্য কিন্তু থাউকতে অহা নাছিল। খ্যাতিৰ শীৰ্ষলৈ আৰোহণ কৰিবলৈ তেওঁ স্বীকাৰ কৰিবলগীয়া হৈছিল অপৰিসীম ত্যাগ আৰু কষ্ট।