প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

ডিজিটেল ডেস্কঃ স্বামীয়ে এতিয়াৰ পৰা ১৮ বছৰৰ কম বয়সৰ পত্নীৰে কৰিব নোৱাৰিব যৌন মিলন৷ নাবালিকা পত্নীৰ সৈতে যৌন সম্পৰ্ক কৰিলে এতিয়াৰ পৰা ধৰ্ষণ ৰূপে গন্য কৰা হ’ব৷ ইমানে নহয় এতিয়াৰ পৰা ইয়াক অপৰাধ হিচাপে গন্য কৰা হ’ব৷ এই ৰায় প্ৰদান কৰে দেশৰ শীৰ্ষ আদালতে৷

উচ্চতম ন্যায়লয়ে ১৫-১৮ বছৰৰ বয়সৰ পত্নীৰ সৈতে যৌন সম্পৰ্ক ধৰ্ষণৰ সমান বুলি কয়৷ ভাৰতীয় আইনৰ ৩৭৫ ধাৰা মতে ১৮ বছৰৰ কম বয়সৰ পত্নীৰ সন্মতিত শাৰিৰীক সম্পৰ্ক স্থাপন কৰি পুৰুষ সাৰি গৈছিল৷ চৰকাৰ তথা সংসদে কেনেকৈ ১৮ বছৰৰ কম বয়সৰ পত্নীক যৌন সম্পৰ্ক সন্দৰ্ভত এৰি দিব৷ কিয়নো কিশোৰীক ১৮ বছৰৰ পিছতহে প্ৰাপ্ত বয়স্ক হোৱা বুলি ধৰা হয়৷ এনেবোৰ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়লয়ত ৰাজহুৱা আবেদন দাখিল কৰা হৈছিল৷

উচ্চতম ন্যায়লয়ৰ ন্যায়ধীশ মদন বি লুকুৰে ঐতিহাসিক ৰায় ঘোষণা কৰি নাবালিকা কিশোৰীৰ সৈতে শাৰিৰীক সম্পৰ্ক সকলো সময়তে ধৰ্ষণ হিচাপে গন্য কৰা হ’ব বুলি কৈ কিশোৰীৰ মৌলিক অধিকাৰ হৰণ হয় বুলিও কয় শীৰ্ষ আদালতে৷