newsnextone.com | গুৱাহাটীঃ বুধবাৰে কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ আহিল ২০১৬ চনৰ ১৯ গৰাকী APS-ACS৷ বুধবাৰে পুৱাৰে পৰা অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়লৈ একপ্ৰকাৰ লানি লাগে APS-ACSৰ৷ বিলাসী গাড়ীত উঠি আহি লাজ অভিমান কাটি কৰি কাৰ্যালয়ত সোমাই বিষয়াসকলে৷ ডিব্ৰুগড় আৰক্ষীৰ উচ্চ পদস্থ বিষয়া আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উচ্চ পদস্থ বিষয়াই কাৰ্যালয়ৰ এটা কোঠাত এজন এজনকৈ সোধ-পোছ কৰাৰ লগতে হস্তাক্ষৰৰ নমুনা গ্ৰহণ কৰা বুলি জানিব পৰা হৈছে৷
২০১৬ বৰ্ষৰ ACS-APSৰ বিৰুদ্ধে এইবাৰ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ ডিব্ৰুগড় আৰক্ষী আৰু অসম আৰক্ষীৰ বিশেষ শাখাই ১৯গৰাকী ACS-APSক চমন জাৰি কৰিছিল যোৱা যোৱা ১০ জুলাইৰ পৰা৷ অসম লোকসেৱা আয়োগে ২০১৬ চনত পৰীক্ষা অনুষ্ঠিত কৰি ৰাজপত্ৰিত বিষয়া হিচাপে নিয়োগ কৰিছিল বিষয়াকেইজনক৷ উক্ত সময়ত অসম লোকসেৱা আয়োগেৰ অধ্যক্ষ আছিল ৰাকেশ পাল৷ আৰক্ষীৰ বিশেষ শাখা আৰু ডিব্ৰুগড় আৰক্ষীৰ অধীক্ষকৰ কাৰ্যালয়ে অহা ১৮ জুলাইত কাহিলিপাৰাৰ অসম আৰক্ষীৰ বিশেষ শাখাত আটাইকেইজন বিষয়াক উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল৷