newsnextone.com | গুৱাহাটীঃ অসম চৰকাৰে টাটা ট্ৰাষ্টৰ সহযোগত একে দিনেই ১৯ খন চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰি ইতিহাস সৃষ্টি কৰিলে৷ বিস্তৃত কেন্সাৰ শুশ্ৰূষা কাৰ্যক্ৰমৰ অধিনত ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত ৰাজ্যত স্থাপন হবলগীয়া ১৯টা নতুন কেন্সাৰ কেয়াৰ চেণ্টাৰৰ সোমবাৰে আধাৰশিলা স্থাপন কৰা হয়৷
মহানগৰীৰ খানাপাৰত কেন্সাৰ কেয়াৰ চেণ্টাৰৰ সোমবাৰে মাংগলিক অনুষ্ঠানেৰে ভূমি পূজন সম্পন্ন কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, বিশিষ্ট উদ্যোগপতি ৰতন টাটা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।