newsnextone.com | গুৱাহাটীঃ অসম লোকসেৱা আয়োগৰ চাকৰি কেলেংকাৰী সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। যোৱা ১৮ জুলাইত হস্তাক্ষৰ নমুনা সংগ্ৰহৰ বাবে ২০১৬ চনৰ ১৯ গৰাকী এচিএছ আৰু এপিএছক অসম আৰক্ষীৰ কাহিলিপাৰাৰ বিশেষ শাখালৈ মাতি আনি গ্ৰেপ্তাৰ কৰাৰ পিছতে পুনৰ এইবাৰ মধ্যভোগী ধৰিবলৈ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে, অসম লোকসেৱা আয়োগৰ কেলেংকাৰীৰ গোচৰত এতিয়ালৈ ৬৫গৰাকী লোকক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰে ৫৬গৰাকী ACS-APS বিষয়া, ৭গৰাকী চাকৰিৰ মধ্যভোগী, পূৰ্বৰ অধ্যক্ষ আৰু দুই সদস্য আছে৷ আৰক্ষীয়ে মুঠ ৪৬গৰাকীহে চাৰ্জশ্বীট আদালতত দাখিল কৰেছে এতিয়ালৈ।