newsnextone.com | গোৱালপাৰাঃ গা ধুবলৈ গৈ সৈনিক স্কুলৰ দুই ছাত্ৰই মৃত্যুক আকোৱালি লোৱাৰ ঘটনাই গোৱালপাৰা জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ গোৱালপাৰা সৈনিক স্কুল চৌহদৰ পুখুৰীত শুকুৰবাৰে সন্ধিয়া কেইবাগৰাকী ছাত্ৰই গা ধুবলৈ যোৱাৰ সময়তে ইয়াৰে মাজৰ দুজন ছাত্ৰই পানীত ডুব গৈ মৃত্যুক আকোৱালি লয়৷ নাগালেণ্ডৰ পুংগলোৱাৰ একাদশ শ্ৰেণীৰ ছাত্ৰ অনুভবি (১৬) আৰু কেবুনজিও (১৬) নামৰ দুয়োজন ছাত্ৰৰ মৃত্যু হোৱাত সৈনিক স্কুল চৌহদত শোকৰ ছাঁ পৰে৷
জানিব পৰা মতে, নাগালেণ্ডৰ পুংগলোৱা, সৈনিক স্কুল গোৱালপাৰা, পশ্চিমবংগৰ পুৰুলীয়া, মণিপুৰৰ ইম্ফল সৈনিক স্কুলৰ মাজত গ্ৰীষ্ম কালীন পুৰ্বাঞ্চলীয় সৈনিক স্কুলৰ ক্ৰীড়া আৰু সহপাঠ্যক্ৰম চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল৷ উক্ত অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ ছাত্ৰসকল আহিছিল৷