newsnextone.com | ৰঙিয়াঃ অসমৰ দল-সংগঠন, সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক জ্যেষ্ঠ নাগৰিক, গায়ক অভিনেতা-অভিনেত্ৰী, ছাত্ৰ-ছাত্ৰী ৰাজ পথলৈ ওলাই আহিছে৷ যেন অসম আন্দোলনৰ সেই সময় চোৱাহে৷ সমাজৰ কোনো প্ৰকাৰৰ লোক প্ৰতিবাদ নকৰাকৈ থকা নাই৷ সকলোৱে সোচ্চাৰ হৈ পৰিছে বিজেপি চৰকাৰৰ অসম ধ্বংসকাৰী সিদ্ধান্তৰ বিৰুদ্ধে৷ নাগৰিক সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰঙিয়াত ২০টা সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ নেতৃত্বত ওলাই অহা কেইবাশতাধিক লোক ৰাজপথত গৰজি উঠিল শনিবাৰে৷
ছাত্ৰ-ছাত্ৰী, সমাজ সচেতন লোক, জ্যেষ্ঠ নাগৰিক ৰঙিয়া চহৰলৈ ওলাই আহি বিশাল প্ৰতিবাদী সমদলত অংশ লয়। আই অসমীক ৰক্ষা কৰাৰ শ্ল’গান দি ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনৰ পৰা ৰঙিয়া চহৰৰ মাজেৰে যাত্ৰা কৰি পুনৰ কৃষক শ্বহীদ ভৱনত উপস্থিত হয়। ২০টা সংগঠনৰ নেতৃত্বত ওলাই অহা লোকে বাটৰ নাট, সংগীত পৰিৱেশন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল হায় হায়, দলৰ স্বাৰ্থত অসমীয়া জনসাধাৰণক প্ৰতাৰণা নকৰিব আদি শ্ল’গানৰে ৰঙিয়াৰ আকাশ-বতাহ উত্তাল কঁপাই তোলে।