Printer-friendly version

বৰপেটাঃ মহামাৰী ক’ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে আতংকৰ৷ কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশত জাৰি কৰা লকডাউনৰ বাবে বহু লোক আৱদ্ধ হৈ আছে দেশৰ বিভিন্ন প্ৰান্তত৷ আনহাতে বহু ছাত্ৰ-ছাত্ৰীও বিভিন্ন ৰাজ্যত আৱদ্ধ হৈ পৰিছে৷ 

লকডাউনৰ ফলত বৰপেটাৰ সৰভোগত অৱস্থিত জৱাহৰ নৱোদয় বিদ্যালয়ত আৱদ্ধ হৈ পৰা মধ্যপ্ৰদেশৰ ২৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী আজি বিশেষ বাছযোগে নিজ গৃহলৈ উভতি যায়৷ বৰপেটাৰ সৰভোগৰ নৱোদয় বিদ্যালয়ত অধ্যয়নৰত এইসকল ছাত্ৰ-ছাত্ৰী ছাত্ৰাবাসতে আৱদ্ধ হৈ পৰিছিল।

নিজ গৃহৰ পৰা বহুযোজন আতৰত এনেদৰে প্ৰায় ডেৰমাহ আৱদ্ধ হৈ থাকিবলগীয়া হোৱাৰ পিছত বৰপেটাৰ উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই বিশেষ উদ্যোগ গ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক নিজ গৃহলৈ পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে৷ জিলা উপায়ুক্তই গ্ৰহণ কৰা ব্যৱস্থা অনুসৰি বিশেষ বাছযোগে ছাত্ৰ-ছাত্ৰীসকল এইদৰে ঘৰলৈ যোৱাতো সম্ভৱ হৈ উঠে।

নিজ গৃহলৈ যাত্ৰাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলৰ মুখত দেখা গ’ল আনন্দৰ লহৰ৷ ঘৰলৈ পঠোৱাৰ বাবে লোৱা পদক্ষেপৰ বাবে উপায়ুক্তগৰাকীক  ধন্যবাদ জ্ঞাপন কৰে ছাত্ৰ-ছাত্ৰীসকলে৷ বৰপেটাৰ জিলা উপায়ুক্তই আনুষ্ঠানিকভাৱে যাত্ৰাৰ শুভাৰম্ভ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলক লৈ মধ্য প্ৰদেশলৈ ৰাওনা হয় বাছখন। 

উপায়ুক্তই জনোৱা মতে, সৰভোগৰ পৰা বাছখনে ছাত্ৰ-ছাত্ৰীসকলক বিহাৰৰ পাটনালৈ কঢ়িয়াই নিব৷ আনহাতে মধ্য প্ৰদেশৰ পৰা আন এখন বাছে বিহাৰৰ পাটনালৈ অসমৰ ২৪ জন ছাত্ৰ-ছাত্ৰীক কঢ়িয়াই আনিব৷ পাটনাত মধ্যপ্ৰদেশৰ ছাত্ৰ-ছাত্ৰীসকলক নমাই তাৰপৰা অসমৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ ঘৰমুৱা যাত্ৰা কৰিব অসমৰ বাছখনে৷