নগাঁওঃ মহামাৰী কৰ’নাতংকই আৱৰি ৰখা ৰাজ্যত ইতিমধ্যে চৰকাৰে নিষিদ্ধ কৰিছে গুটখাৰ প্ৰচলন৷ কিন্তু নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতো তৃতীয় পৰ্যায়ৰ লকডাউন চলি থকাৰ সময়তে নগাঁও জিলাত গুটখাৰ বেহা অব্যাহত ৰাখিছে এচাম অসাধু ব্যৱসায়ীয়ে। 

জিলাখনৰ একাংশ গ্ৰামাঞ্চলৰ লগতে খুদ নগাঁও চহৰত বৰ্তমানেও অসাধু ব্যৱসায়ী চক্ৰই নিৰ্বিঘ্নে অব্যাহত ৰাখিছে গুটখাৰ প্ৰচলন৷ জানিব পৰা মতে, জিলাখনৰ বিভিন্ন প্ৰান্তত চলি থকা গুটখাৰ এই অবৈধ বেহা প্ৰধানকৈ নগাঁও চহৰৰ পৰাই নিয়ন্ত্ৰিত হৈছে। 

চহৰৰ একাংশ পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানত এই নিষিদ্ধ সামগ্ৰী বিধ গোপনে মজুত ৰাখি ইয়াৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে অসাধু ব্যৱসায়ী চক্ৰই৷ আনকি লকডাউনৰ সময়ত গুটখা প্ৰেমীয়ে তেওঁলোকৰ অতি প্ৰিয় এই সামগ্ৰীবিধ বিচাৰি হাবাথুৰি খাই ফুৰাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি সুবিধাবাদী অসাধু ব্যৱসায়ী চক্ৰই এইবোৰ অধিক চৰা দামত বিক্ৰী কৰি অবাধে মুনাফা আদায় কৰি আহিছে৷ 

উদাহৰণ স্বৰূপে দহ টকা দৰৰ এপেকেট শিখৰ, কমলা পচন্দ, বিমল এতিয়া চোৰাং বজাৰত ১৮ৰ পৰা ২০ টকা দামত বিক্ৰী হৈ থকা বুলি জানিব পৰা গৈছে৷ কাজেই, লকডাউনৰ নীতি-নিৰ্দেশনাৰ মাজতো এইসকল ধূৰন্ধৰ ব্যৱসায়ীয়ে আৰক্ষীৰ চকুত ধূলি দি নিষিদ্ধ ঘোষিত গুটখাৰ চোৰাং বেহা অবাধে চলাই থকাত সচেতন মহলে চৰম উদ্বেগ প্ৰকাশ কৰিছে৷