কাজিৰঙাঃ ৬৮ সংখ্যক বন মহোৎসৱ উপলক্ষে আজিৰে পৰা ২৮০০০ হাজাৰ গছপুলি ৰোপণ কৰিব কাজিৰঙা কৰ্তৃপক্ষই৷ কৃষি মন্ত্ৰী অতুল বৰাই আজি কাজিৰঙাত ৬৮ সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ কৰাৰ লগতে ২৮০০০ হাজাৰ গছপুলি ৰোপণৰ শুভৰাম্ভ কৰে।

এই অনুযায়ী স্থানীয় ৰাইজ, বন বিভাগ, ছাত্ৰ-ছাত্ৰী, সমাজকৰ্মী, সাংবাদিককে আদি কৰি সৰ্বসাধাৰণে ৰোপণ কৰিব ২৮০০০ হাজাৰ গছপুলি৷ আজি প্ৰতিকুল বতৰকো নেওচি ছাত্ৰ-ছাত্ৰী তথা ৰাইজ ওলাই আহে বন বিভাগৰ ২৮ হাজাৰ গছপুলি ৰোপণৰ লক্ষ্য সম্পূৰ্ণ কৰিবলৈ।

অভিযানত সক্ৰিয় ভূমিকা পালন কৰে কাজিৰঙা জাৰ্ণেলিষ্ট এচোচিয়েছনে। অভিযানৰ অংশ লৈ এচোচিয়েছনৰ কৰ্মকৰ্তাসকলে পাণবাৰীৰ পৰা মেঠনিলৈকে পথৰ দুয়োকাষে গছপুলি ৰোপণ কৰে। সামাজিক বনানিকৰণ গোলাঘাটৰ বিষয়া-কৰ্মচাৰীসকলেও এই কাৰ্যত এচ'চিয়েচনক সহযোগিতা আগবঢ়ায়।