77
মুম্বাইঃ ৰাঞ্চোৰদাস শ্যামলদাস চাঞ্চৰ নিশ্চয় মনত আছে ! নিশ্চয় মনত আছে অল ইজ ৱেল ফৰ্মূলা৷ এইবাৰ মেক্সিকোতো চলিব ৰাঞ্চোৰদাসৰ যাদু৷ ৰাজকুমাৰ হিৰাণীৰ নিৰ্মিত জনপ্ৰিয় চলচিত্ৰ থ্ৰী ইডিয়টছ নিৰ্মাণ কৰা হৈছে মেক্সিকোত৷
হিন্দী থ্ৰী ইডিয়টছৰ দৰেই হুবহু কাহিনী আৰু চৰিত্ৰৰ স্পেনিছ ভাষাত নিৰ্মিত চলচিত্ৰখনৰ নাম দিয়া হৈছে “থ্ৰী ইডিয়’টাছ”৷ ২০১৭ত মুক্তি পাব এই ছবিখনে৷ বিগত বৰ্ষৰ নৱেম্বৰত ছবিখনৰ প্ৰথমটো ট্ৰেইল’ৰ মুকলি হৈছিল৷