গুৱাহাটীঃ ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কটন মহাবিদ্যালয়ৰ তিনি ছাত্ৰৰ নিৰুদ্দেশৰ বাতৰিয়ে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ তিনি ছাত্ৰ ৱাহিদুৰ ৰহমান, পাৰ্থপ্ৰতিম মালী আৰু তন্ময় কাথাৰ কালিৰে পৰা ঘৰলৈ উভতি অহা নাই।

ঘটনাৰ বিৱৰণী মতে তিনি ছাত্ৰই কালি পুৱাৰ ভাগতেই মহাবিদ্যালয়লৈ বুলি ৰাওনা হয়। কিন্তু নিশালৈকে তিনিওজনে ঘৰলৈ উভতি নহাত অভিভাৱকৰ মাজত হাহাকাৰ লাগে। তেওঁলোকৰ ম’বাইল ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰিও বিফল হোৱাত বিষয়টো আৰক্ষীক অৱগত কৰে।

এইক্ষেত্ৰত অভিভাৱক আৰু ছাত্ৰকেইজনৰ বন্ধুবৰ্গৰ সৈতে যোগাযোগ কৰি জানিব পৰা গৈছে যে আজিৰ পৰা কিছুদিন পূৰ্বে দিল্লীৰ ডাঃ মৃণাল শৰ্মা নামৰ এজন চিকিৎসকৰ সৈতে তিনিও হোটেল অশোকাত মিলিত হৈছিল। সেয়ে সকলোৱে ডাঃ মৃণাল শৰ্মালৈ সন্দেহৰ আঙুলি টোঁৱাইছে।

আনহাতে আকৌ একাংশ বন্ধু-বান্ধৱৰ পৰা জানিব পৰা গৈছে যে তিনি মেধাৱী ছাত্ৰই এই বৰ্ষৰ একাদশ শ্ৰেণীৰ পৰীক্ষাত অনুত্তীৰ্ণ হৈ মুখলজ্জাত ঘৰ এৰি ক’ৰবালৈ পলাই গৈছে। শেহতীয়াকৈ পোৱা বাতৰি অনুযায়ী বন্ধু-বান্ধৱৰ এই আশংকা একপ্ৰকাৰ সঁচা প্ৰমাণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে। বিশেষকৈ সন্ধিয়াৰ ভাগত তিনিওজন ছাত্ৰই হাওৰাত উপস্থিত হোৱা বুলি জানিব পৰাৰ পিছতে সমগ্ৰ ঘটনাটোকে বহুতে পৰিকল্পিত আখ্যা দিয়া দেখা গৈছে।

তিনিওজন ছাত্ৰৰ অভিভাৱকৰ পৰা জানিব পৰা মতে ছাত্ৰকেইজনে হেনো ঘৰৰ পৰা এক-দুই হাজাৰ টকা টিউচন ফীজ দিব লাগে বুলি কৈ লৈ গৈছে। এই কথাটোৱেও শিক্ষাৰ্থীকেইজন যে পৰিকল্পিতভাৱেই ঘৰৰপৰা ওলাই গৈছে তাৰেই ইংগিত বহন কৰিছে। তাৎপৰ্যপূৰ্ণ যে কটন মহাবাদ্যালয়ৰ পৰা পূৰ্বেও এনেদৰে ছাত্ৰ-ছাত্ৰী নিৰুদ্দেশ হোৱাৰ বাতৰি পোৱা যায় যদিও কিছুদিন পিছত স্ব-ইচ্ছাই আহি ঘৰ ওলায়।

ৰাজ্যৰ উচ্চ শিক্ষনুষ্ঠানখনত অধ্যয়ন কৰিবলৈ আহি বহুতো শিক্ষাৰ্থীয়ে লাহ-বিলাসত মত্ত হৈ অধ্যয়নৰ ফালে পিঠি দি এনেদৰে নকৰিবলগীয়া কাম কৰা পৰিলক্ষিত হয়। এইক্ষেত্ৰত সচেতন মহলে মহাবিদ্যালয়খনত শৈক্ষিক পৰিৱেশত গুৰুত্ব দিবলৈ আহ্বান জনোৱাৰ লগতে ইউনিফৰ্মৰ ব্যৱস্থা কৰিব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।