গুৱাহাটীঃ ৰাজ্যৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কটন মহাবিদ্যালয়ৰ তিনি ছাত্ৰৰ নিৰুদ্দেশৰ বাতৰিয়ে ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ তিনি ছাত্ৰ ৱাহিদুৰ ৰহমান, পাৰ্থপ্ৰতিম মালী আৰু তন্ময় কাথাৰ কালিৰে পৰা ঘৰলৈ উভতি অহা নাই।
ঘটনাৰ বিৱৰণী মতে তিনি ছাত্ৰই কালি পুৱাৰ ভাগতেই মহাবিদ্যালয়লৈ বুলি ৰাওনা হয়। কিন্তু নিশালৈকে তিনিওজনে ঘৰলৈ উভতি নহাত অভিভাৱকৰ মাজত হাহাকাৰ লাগে। তেওঁলোকৰ ম’বাইল ফোনত যোগাযোগ কৰিবলৈ চেষ্টা কৰিও বিফল হোৱাত বিষয়টো আৰক্ষীক অৱগত কৰে।