গুৱাহাটীঃ দেওবাৰে সমগ্ৰ বিশ্বই কেঞ্চাৰ দিৱস পালন কৰিব৷ এই ৰোগে বিশ্বত ভয়াবহ ৰূপ ধাৰণ কৰাৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চল কেঞ্চাৰ ৰোগৰ ক্ষেত্ৰ হৈ পৰিছে৷ অসম তথা উত্তৰ পূৰ্বাঞ্চলত বহু লোক এই ৰোগত আক্ৰান্ত হৈ আহিছে৷ এই ৰোগবিধ সম্পৰ্কত বিভিন্ন অভিজ্ঞ চিকিৎসক, দল-সংগঠনে সজাগতা সৃষ্টিৰ বাবে কাম কৰি গৈছে৷
যিকোনো বয়সৰ লোকৰ দেহত থিতাপি লব এই ৰোগে। এই ৰোগ যিকোনো বয়সৰ যুৱক-যুৱতী, পুৰুষ-মহিলা, শিশু, কিশোৰ-কিশোৰীৰ দেহত হ’ব পাৰে৷ কেঞ্চাৰ ৰোগ নিৰাময়ৰ বাবে ধৈৰ্য ধৰাৰ প্ৰয়োজন। ধপাত, পান মছলা, উদ্যোগৰ পৰা হোৱা প্ৰদূষণ, যান বাহনৰ পৰা হোৱা প্ৰদূষণ আদিৰ পৰা এইৰোগীৰ সংখ্যা বৃদ্ধি হৈছে৷ good life style-এ এই ৰোগৰ পৰা মানুহক দূৰত ৰাখিব পাৰে৷