53
newsnextone.com | ডিজিটেল ডেস্কঃ ৪৮ ঘণ্টা ধৰি দি থকা নেৰানেপেৰা বৰষুণৰ ফলত উত্তৰ প্ৰদেশৰ বিভিন্ন এলেকাৰ জনসাধাৰণৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে। ইতিমধ্যে বান আৰু ব্ৰজ্ৰপাতত কমেও ৪৯ গৰাকী লোকৰ মৃত্যু হৈছে যোৱা তিনিটা দিনত।
সকলোতকৈ বেছি লোকৰ মৃত্যু হৈছে আগ্ৰাত। আগ্ৰাত এতিয়ালৈ ৬গৰাকী লোকৰ মৃত্যু হৈছে। মিৰাটত তিনিজন লোকৰ মৃত্যু হৈছে। ৰাজ্য চৰকাৰৰ মতে, উত্তৰ প্ৰদেশৰ আন আন ঠাইত বান পানীৰ বাবে ৩৩গৰাকী লোকৰ মৃত্যু হৈছে।