তেজপুৰ টাউনঃ আঘোণৰ সোণালী ধানৰ পথাৰ ৰক্ষাৰ লগতে ঘৰ-বৰ, জীৱন-সম্পত্তি ৰক্ষা কৰিবৰ বাবে ৰাইজে হাহাকাৰ কৰিব লগা হৈছে ৰাজ্যত৷ ৰাজ্যত প্ৰতিদিনে জাকে জাকে হাতী ওলাই আহি উপদ্ৰৱ চলাই গৈছে৷ বনৰীয়া হাতীয়ে নিদ্ৰাহৰণ কৰিছে ৰাইজক। খাদ্যৰ সন্ধানত পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাত তাণ্ডৱ চলাই গৈছে।
যোৱাটো বিধান সভা নিৰ্বাচনৰ সময়ত ব্যাপক প্ৰচাৰ চলাই মানুহৰ সমানে সমানে জীৱ-জন্তুকো নিৰাপত্তা দিয়াৰ প্ৰতিশ্ৰুতি দি বৰ বৰ কথা কৈছিল অগপ, বিজেপি আৰু বিপিএফৰ মিত্ৰজোঁটে৷ জীৱন, সম্পত্তিৰ সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দি অসমৰ গাঁৱে-ভূঞে ভোট ভিক্ষা কৰিছিল তিনিওঁটা দলে৷ বিশেষকৈ গঁড় হত্যা-হাতীৰ মৃত্যু সন্দৰ্ভত তেতিয়াৰ শাসক দল কংগ্ৰেছ দলক ব্যাপক সমালোচনা কৰিছিল মিত্ৰ জোঁটে৷