মুম্বাইঃ কৰ’না ভাইৰাছত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হ’ল আন এজন লোকৰ। অৱশ্যে মৃত্যু হোৱা লোকজন ফিলিপাইনছৰহে নাগৰিক। বিদেশী লোকসহ এই পৰ্যন্ত ভাৰতত কৰ’নাৰ ফলত নিহত লোকৰ সংখ্যা হৈছেগৈ ৯জন। ইয়াৰে ৭ জন ভাৰতীয়।
ফিলিপাইনছৰ নাগৰিকজন কিছুদিন পূৰ্বে ভাৰতলৈ আহি মুম্বাইত ভৰি থৈছিল। যোৱা ১৩ মাৰ্চত শাৰীৰিক অসুস্থতাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। প্ৰথমে তেওঁক মুম্বাইৰ কস্তুৰবা হাস্পতলাত ভৰ্তি কৰোৱা হয় আৰু পিছলৈ এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰে।