গুৱাহাটীঃ জনতা কাৰ্ফিউ। ঠিকেঠাকেই আগবাঢ়িছিল সকলো। দিনটোৰ পৰিৱেশ ইমানেই নিমাওমাও হৈ পৰিছিল যে সেয়া দেখা পালে হয়তো কৰ’না ভাইৰাছেও নিজৰ অস্তিত্বক লৈ আতংকিত হৈ পৰিবলৈ বাধ্য হ’লহেতেন। কিন্তু সন্ধিয়া ঠিক ৫ বজাৰ লগে লগে সলনি হৈ পৰে সমগ্ৰ দৃশ্যপট। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ অৰ্থ ওলোটাকৈ বুজি দেশৰ ভিন্ন প্ৰান্তৰ বহুতেই পাহৰি পেলালে যে দিনটোৰ 'জনতা কাৰ্ফিউ’ৰ মূল উদ্দেশ্যই আছিল সামাজিক দূৰত্ব বৰ্তাই ৰখা। 

সন্ধিয়াৰ এই সময়খিনিত দেশৰ ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰীয়ে বেলকনিৰ পৰা জৰুৰীকালীন সেৱাৰ সৈতে জড়িতসকলক হাত চাপৰি নতুবা বাদ্য তথা কাহী-বাতি বজাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ জনোৱা আহ্বানক এক প্ৰকাৰ 'কৰ’না উৎসৱ’লৈ ৰূপান্তৰিত কৰি তোলে একাংশ অতি উৎসাহী লোকে। এইসকল লোকে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ কথা পাহৰি সদলবলে ৰাজপথলৈ ওলাই আহি বাদ্য, শংখ, ঢোল, কাহী-বাতি, টিং আদি বজাই সমদল উলিয়াই পালন কৰে 'কৰ’না বিজয় উৎসৱ’।

কি আছিল মোদীৰ আহ্বান?

১৯ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰি আজি দেওবাৰৰ দিনটোত পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ সকলোকে জনতা কাৰ্ফিউ পালন কৰিবলৈ আহ্বান জনাইছিল। কৰ’না ভাইৰাছে যাতে দেশত বিয়পিব নোৱাৰে তাৰ বাবে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই আহ্বান জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ লগতে জৰুৰীকালীন সেৱাৰ সৈতে জড়িতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবৰ বাবে সন্ধিয়া ৫ বজাত সকলোকে বেলকনিৰ পৰা হাত-চাপৰি অথবা বাদ্য আৰু বাদ্য নাথাকিলে শব্দসৃষ্টিকাৰী কোনো সামগ্ৰী বজাবলৈ আহ্বান জনাইছিল।

চৌদিশে বাজি উঠিল হাত-চাপৰি, শংখ-ঘণ্টাৰ ধ্বনি

প্ৰধানমন্ত্ৰীৰ আহ্বান অনুযায়ী সমগ্ৰ দেশতে লক্ষ লক্ষ জনতাই বেলকনিৰ পৰা হাত চাপৰি আৰু বাদ্য বজাই জৰুৰীকালীন সেৱাৰ সৈতে জড়িতসকলক ধন্যবাদ জ্ঞাপন কৰে। অসমতো মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি গাঁও-ভূই, চহৰ-নগৰ সকলোতে বাদ্য আৰু বাদ্য নথকাসকলে কাহী-বাতি বজাই ধন্যবাদ জনোৱা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। একাংশ লোকে উৰুলি আৰু মংগলধ্বনি দিয়াও পৰিলক্ষিত হয়।

ওলোটাকৈ বুজিলে অৰ্থ

দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো বহু লোকে মোদীৰ আহ্বানৰ অৰ্থ ওলোটাকৈ বুজি সন্ধিয়া ৫ বজাত ঘৰৰ পৰা ওলাই আহি সমদল উলিয়াই বাদ্য পৰিৱেশন কৰাৰ লগতে হিলৈ, ফটকা আদিও ফুটোৱা পৰিলক্ষিত হয়। ইতিমধ্যে ছ’চিয়েল মিডিয়াত এনেধৰণৰ কেবাটাও দৃশ্য ভাইৰেল হৈ পৰিছে। মফচলীয় চহৰৰ লগতে গুৱাহাটী মহানগৰীতো এনেদৰে সমদল উলিয়াই জনতা কাৰ্ফিউৰ ধন্যবাদ জ্ঞাপন অনুষ্ঠানক একাংশ লোকে কৰ’না বিজয় উৎসৱ হিচাপে পালন কৰা পৰিলক্ষিত হৈছে। আনকি ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনেও কেবাজনো লোকক লৈ বাহিৰলৈ ওলাই আহি একেলগে বাদ্য পৰিৱেশন কৰা দেখা গৈছে। এই লৈ ছ'চিয়েল মিডিয়াত সমালোচনাৰো সন্মুখীন হৈছে বিধায়কজন।

তিনিচুকীয়াত ফুটালে ৰকেট বোমা

দেশৰ ভিন্ন প্ৰান্তৰ দৰেকৈ তিনিচুকীয়াতো একাংশ লোকে জনতা কাৰ্ফিউক অসাৰ প্ৰতিপন্ন কৰি বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ বিৰুদ্ধে একপ্ৰকাৰৰ বিজয় উৎসৱ পালন কৰা পৰিলক্ষিত হয়। তিনিচুকীয়াৰ NNOৰ সাংবাদিক বিকাশজ্যোতি শইকীয়াই প্ৰদান কৰা খবৰ মতে আজি পুৱাৰেপৰা প্ৰধান মন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই সমগ্ৰ তিনিচুকীয়া চহৰখনৰ জনজীৱন স্তব্ধ হৈ পৰিছিল যদিও সন্ধিয়া পাঁচ বজাৰ লগে লগে যেন চহৰখনত দেখা যায় যুদ্ধজয় সদৃশ এক পৰিৱেশ। 

চহৰখনৰ চলিহা-বৰদলৈ নগৰ, গেলাপুখুৰী, পৰ্বতীয়া-বালুগাডা, ন-পুখুৰী, বৰগুৰি, হিজুগুৰি, মাকুম ৰ’ড ইত্যাদিত বিজয়োল্লাসেৰে ফটকা ফুটোৱাৰ শব্দত সন্ধিয়া সমগ্ৰ তিনিচুকীয়া চহৰ ৰজনজনাই উঠে বুলি জনাইছে সাংবাদিকগৰাকীয়ে। আনকি একাংশ লোকে ৰকেট বোমা ফুটোৱাৰ কথাও জানিব পৰা গৈছে। এচাম অবিবেচকী লোকৰ এনে কাৰ্যত তিনিচুকীয়াৰ সচেতন মহল স্বাভাৱিকতে স্তম্ভিত আৰু লজ্জানত হৈ পৰে। তিনিচুকীয়াৰ লগতে ৰাজ্যৰ আন কেবাখনো ঠাইত ফটকা ফুটোৱাৰ কথাও ভিন্নজনে ছ'চিয়েল মিডিয়াযোগে প্ৰকাশ কৰা দেখা গৈছে।

১০০ শতাংশ সফল হল'নে জনতা কাৰ্ফিউ?

দেশৰ ভিন্ন স্থানত একাংশ লোকে উৰাবাতৰি আৰু অন্ধবিশ্বাসৰ চিকাৰ হৈ পাহৰি পেলালে জনতা কাৰ্ফিউৰ প্ৰকৃত উদ্দেশ্য ছ’চিয়েল ডিছটেনচিং আৰু ছেল্ফ আইছ'লেশ্যনৰ কথা। শংখ, দবা আদি বাদ্য পৰিৱেশন কৰিলে ভাইৰাছ ধ্বংস হৈ পৰিব বুলি কৰা বিশ্বাসৰ বাবেও বিভিন্নজনে এনেদৰে নিৰ্ভয়ে ৰাজপথলৈ ওলাই আহি সমদল বাহিৰ কৰা দেখা গৈছে। ফলত সফল হৈয়ো সম্পূৰ্ণ ১০০ শতাংশ সফল হৈ নুঠিল জনতা কাৰ্ফিউ। ইফালে, এনে লোকসকলে ছ’চিয়েল ডিছটেনচিঙৰ কথা পাহৰি ইয়াক সন্ধিয়াৰ ভাগত একপ্ৰকাৰ উৎসৱলৈ পৰিণত কৰাৰ খবৰ লাভ কৰাৰ পিছতে পৰিস্থিতি বেলেগ ফালে ঢাল খোৱালৈ চাই সমগ্ৰ অসমতে প্ৰশাসনৰ তৰফৰ পৰা পুৱা ৮ বজালৈকে বৃদ্ধি কৰা হয় এই কাৰ্ফিউৰ সময়সীমা।