নতুন দিল্লীঃ সোণৰ ইতিহাস ৰচিলে এম চি মেৰি কমে৷ বিশ্ব মহিলা চেম্পিয়নশ্বিপৰ খিতাপ অৰ্জন কৰি দেশলৈ সোণৰ পদক কঢ়িয়াই অানিবলৈ সক্ষম হ’ল বক্সাৰ মেৰি কম৷ শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা ৱমেন ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপত ৪৮ কেজিৰ শাখাত সফলতা অৰ্জন কৰি পুনৰবাৰৰ বাবে বক্সিঙৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পৰিগণিত হয় মেৰিকম৷ ইউক্ৰেনৰ শক্তিশালী বক্সাৰ হান্না অ’খোটাক পৰাস্ত কৰি ইতিহাস গঢ়িলে মেৰি কমে৷ 

উল্লেখযোগ্য যে, মেৰিকমে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত এইবাৰকৈ ধৰি ৬ বাৰ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০০১ চনৰ প্ৰথম চেম্পিয়নশ্বিপখনত তেওঁ ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল৷