গুৱাহাটীঃ বি জে পি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসম সকলো জাতীয় সংগঠন, লেখক-বুদ্ধিজীৱী, সাহিত্যক-সাংবাদিক, শিল্পীসমাজ ঐক্যবদ্ধ হোৱাৰ সময়তে বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰুসজাইৰ এক দলীয় সভাত অসম সংবাদ জগতৰ দুই জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা আৰু নিতুমনি শইকীয়াক ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে অসমৰ ৭০টাকৈ জাতীয় সংগঠনে।
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যলয়ত অসমৰ ৭০টাকৈ জাতীয় আৰু সংখ্যালঘু সংগঠনে এক সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাক উদ্দেশ্যি কয় যে “অসমৰ ৰাজনীতিত বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা এটা পগলা কুকুৰ।” কাৰণ পগলা কুকুৰে যিদৰে যাকে পায় তাকে কামুৰি ফুৰে, ঠিক একেদৰে হিমন্ত বিশ্ব শৰ্মাইয়ো যাকে পাইছে তাকে কামুৰিবলৈ ধৰিছে। লগতে বলিয়ালি বকিবলৈ ধৰিছে। নহ’ল হয়তো বৃহস্পতিবাৰে দলীয় সভাখনত সাংবাদিক দুজনক ব্যক্তিগতভাৱে আক্ৰমণ নকৰিলেহেঁতেন।