পেঙেৰীঃ অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বুঢ়ীদিহিং-বৰডুমচা অধিৱেশনৰ ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্আষিত হৈছে। অহা ৭ ডিচেম্বৰত এই অধিৱেশন খনৰ লাই খুঁটা স্থাপনেৰে শুভাৰম্ভণি কৰিব সভাৰ মুল বাকৰিৰ মণ্ডপৰ কামৰ। ৰিতুপথাৰৰ ‘বদৌচা সমন্বয় ক্ষেত্ৰ’ত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচী ৰূপায়ন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। স্থানীয় মায়ামৰা দ্বাৰকা সত্ৰৰ সত্ৰাধিকাৰ প্ৰেমেশ্বৰ মহন্তইও লাই খুঁটা স্থাপনৰ কাৰ্যসূচীত বিশেষভাৱে অংশ লব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।
মাৰ্ঘেৰিটা মহকুমাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীৰ গায়ন-বায়ন, সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা সহ স্বকীয় কলা-সংস্কৃতি প্ৰদৰ্শিত হ’ব লগীয়া উক্ত কাৰ্যসূচীত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বও উপস্থিত থাকিব।