ডিজিটেল ডেস্কঃ আকৌ অগ্নিগৰ্ভা হ’ল জম্মু আৰু কাশ্মীৰৰ পুলৱামা৷ অঞ্চলটোত সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত শ্বহীদ হয় ৮জনকৈ নিৰাপত্তাৰক্ষী৷ আহত হয় ৫ নিৰাপত্তাৰক্ষী৷ নিৰাপত্তাৰক্ষীৰ প্ৰত্যুত্তৰত ৩ সন্ত্ৰাসবাদীৰো মৃত্যু ঘটে৷

শ্বহীদ জোৱানকেইজনৰ ৪ জন হৈছে CRPF জোৱান৷ ইয়াৰে দুজনৰ নাম হৈছে যশৱন্ত সিং আৰু ধানৱাড় ৰবিন্দৰ৷ প্ৰাপ্ত বাতৰি মতে, পুৱতি নিশা আৰক্ষীলৈ লক্ষ্য কৰি হঠাৎ আক্ৰমণ সংঘটিত কৰে ২-৩জনীয়া সন্ত্ৰাসবাদীৰ এটা দলে৷ এই গুলীচালনাৰ ঘটনাত নিহত হয় চাৰিজনকৈ CRPF জোৱান৷ ইয়াৰ লগতে কেবাজনো আৰক্ষীৰ লোক আহত হয়৷ 
 
খবৰ পায়েই ঘটনাস্থলীত উপস্থিতি হয় সেনা জোৱান৷ আৰম্ভ হয় তুমুল সংঘৰ্ষ৷ এই সংঘৰ্ষত ৩ সন্ত্ৰাসবাদী নিহত হয়৷ সেনাৰ সূত্ৰই সন্ত্ৰাসবাদীৰ দলটো সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশ কৰা বুলি দাবী কৰিছে৷

ইফালে এই আক্ৰমণৰ পিছতে জৰুৰী বৈঠকত মিলিত হয় গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ লগতে গৃহ সচিব ৰাজীৱ মহৰ্ষি৷ বৈঠকৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত গৃহমন্ত্ৰী ৰাজনাথে সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা নিৰাপত্তাৰক্ষীসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷