কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা তিনিদিনিয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ২৮ তম অসম জুডো প্ৰতিযোগিতা। কোকৰাঝাৰ জিলা জুডো সন্থাৰ উদ্যোগত ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আজিৰে পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত ইতিমধ্যে ৰাজ্যৰ ১২ খন জিলাৰ ৩০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
২৮তম জুডো প্ৰতিযোগিতা উপলক্ষে আজি ৰাতিপুৱা কাৰ্যসূচী অনুসৰি সন্থাৰ পতাকা উত্তোলনৰে খেলৰ শুভাৰম্ভ কৰে জিলা জুডো সন্থাৰ অধ্যক্ষ তথা বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই৷ ইয়াৰ পিছতে ৰাজ্যিক জুডো সন্থাৰ পতাকা উত্তোলন কৰে ৰাজ্যিক জুডো সন্থাৰ সভাপতি শৈলেন্দ্ৰ ডেকাই।