থিৰুৱানন্তপুৰমঃ এগৰাকী ৯৩ বছৰীয়া কৰ’না আক্ৰান্ত ৰোগীয়ে এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা বুলি চিকিৎসকে জনাইছে৷ এমাহ পূৰ্বে কেৰেলাৰ নিবাসী ৯৩ বছৰীয়া থমাছ আব্ৰাহাম আৰু আৰু তেওঁৰ ৮৮ বছৰীয়া পত্নী মৰিয়াম্মাই একেলগে কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হ’বলগীয়া হৈছিল। এই বয়োবৃদ্ধ দম্পতিহালে আৰু কিছুদিনৰ ভিতৰতে ঘৰলৈ উভতি যাব বুলি চিকিৎসালয়ৰ সূত্ৰই জনাইছে৷
কেৰালাৰ নিবাসী এই স্বামী-স্ত্ৰীহাললৈ ইটালীৰ পৰা উভতি অহা জীয়েক আৰু জোঁৱায়েকৰ পৰা কৰ’নাৰ সংক্ৰমিত হৈছিল বুলি জানিব পৰা গৈছে৷ এই বয়সস্থ লোক দুগৰাকীয়ে কৰ’নাৰ দৰে মাৰাত্মক ৰোগৰ পৰা আৰোগ্য লাভ কৰা খবৰটোৱে বৰ্তমান ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৯৩ বছৰীয়া থমাছ আব্ৰাহামেই কৰ’নাক জয় কৰা ভাৰতীয়সকলৰ ভিতৰত আটাইতকৈ বয়সীয়াল লোক হিচাপেও পৰিগণিত হৈছে।
বহুকেইটা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত এই দম্পতিহালক কৰ’না ভাইৰাছে আক্ৰান্ত কৰাৰ পিছেত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল তেওঁলোকক চিকিৎসা কৰিবলৈ লোৱা চিকিৎসকসকল৷ চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে পুৰুষ ৰোগীগৰাকীৰ স্বাস্থ্য বহুত বেয়াৰ ফালে যোৱাৰ পিছত তেওঁক ২৪ ঘণ্টাৰ বাবে ভেণ্টেলিটৰত ৰাখিবলগীয়া হৈছিল৷