কৰ’না ভাইৰাছক বাদ দি এতিয়া আন কথা পতাতো কোনো লোকৰ পক্ষেই সম্ভৱ নহয়। সৌ-সিদিনালৈকে কৰ’না আক্ৰান্তৰ মানচিত্ৰত অন্তৰ্ভুক্ত নাছিল অসম। কিন্তু এতিয়া অসমতো কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ১৬ জন। ভাৰতত ইতিমধ্য়ে ৰোগবিধত মৃত্যু হৈছে ৫০ জনৰো অধিক লোক। আনহাতে সমগ্ৰ বিশ্বত আক্ৰান্তৰ সংখ্যাই ১০ লাখৰ সীমা স্পৰ্শ কৰাৰ দিশে অগ্ৰসৰ হৈছে। মৃত্যুমুখত পৰিছে ৫০ হাজাৰৰো অধিকে।
ইয়াৰ মাজতো কেবাখনো দেশে কৰ’নাক বিদায় সম্ভাষণ জনাবলৈ প্ৰায় সমৰ্থ হৈছে। এনে দেশসমূহৰ অন্যতম হৈছে কৰ’নাৰ আৰম্ভণি হোৱা চীনৰ লগতে ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু জাৰ্মানী। এক সঠিক আঁচনিৰ জৰিয়তে সেইসমূহ দেশে ভাইৰাছ বিধক বিদায় সম্ভাষণ জনাবলৈ সমৰ্থ হৈছে। গতিকে আমিনো কিয় এইবিধ ভাইৰাছক বিদায় দিব নোৱাৰিম। নিশ্চয় পাৰিম। কিন্তু কেনেকৈ? লিখিছে বিকাশজ্যোতি শইকীয়াই।