ডিফু/বোকাজানঃ ১৯৮২ চনলৈ পুনৰ মনত পৰিল কাৰ্বি ভূমিৰ বাসিন্দাৰ৷ ১৯৮২ চনত বানৰ কবলত পৰি বহু দিন ককবকাব লগীয়া হৈছিল পাহাৰীয়া জিলাখনৰ জনসাধাৰণে৷ নাগালেণ্ড আৰু অৰুণাচলৰ পাহাৰত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত সেই বৰ্ষত পাহাৰীয়া জিলাখন সম্পূৰ্ণৰূপে জলমগ্ন হৈ পৰিছিল।
পাহাৰীয়া লোকসকলৰ বানৰ সেই স্মৃতি পুনৰ সজীৱ হল যোৱা ৩০ ঘন্টাত৷ কাৰ্বি পাহাৰ বানৰ কবলত পৰিল বুলি কোৱা কথাষাৰ হজম কৰিব নোৱাৰি যদিও বানৰ কবলত পৰি হাহাকাৰ কৰিবলগীয়া হৈছে কাৰ্বি ভূমিৰ বোকাজান-ডিফু আদি অঞ্চলৰ ৰাইজে৷ হাজাৰ হাজাৰ লোকৰ বাসগৃহ, স্কুল-কলেজ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, পথ আদি বুৰাই পেলোৱাৰ ফলত হাহাকাৰ কৰিব লগীয়া হৈছে পাহাৰীয়া জিলাখনৰ ৰাইজে৷