জাজৰিঃ ছাৰ, মোৰ মৰিবলৈ মন নাই৷ মই মৰিব নোখোজো ছাৰ৷ পঢ়ি ভাল পাও বাবে পঢ়ি শুনি ডাঙৰ মানুহ হ’ব খোজো৷ এয়া কোনো নাটকৰ অভিনেতাৰ সংলাপ নহয়৷ সংলাপ যেন লগা এয়া বাস্তৱ আৰু জীয়া৷ এই কাতৰ আহ্বান এগৰাকী ১৭ বছৰীয়া যুৱকৰ৷ যুৱকজনে ছাৰ বুলি সম্বোধন কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক৷ ১৭ বছৰীয়া যুৱকজনৰ হিমন্ত বিশ্ব শৰ্মা আপোন মানুহ৷
জীয়াই থকাৰ দুৰ্বাৰ হেপাহেৰে মন্ত্ৰীগৰাকীক তেওঁ বাৰে বাৰে সহায়ৰ বাবে আহ্বান জনাইছে৷ যুৱকজনৰ নাম আচিফ ইকবাল। বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত জাজৰি বৰমনিপুৰ গাঁৱৰ আৰ্জান আলি আৰি মমিনা বেগমৰ একমাত্র পুত্র সন্তান আচিফ।