টিংখাংঃ নৈৰ পানীত দলিয়ালে মহৰীক৷ হয়, ৰাজ্য চৰকাৰৰ এটি বিভাগৰ মহৰীক আজি ৰাইজে পানীত দলিয়াই ক্ষোভ ব্যক্ত কৰে৷ মাথো কিছুদিন পূৰ্বে কেবা কোটি টকা ব্যায় কৰি ঠিকাদাৰৰ হতুৱাই নিৰ্মাণ কৰা মথাউৰি পৰিদৰ্শন কৰিবলৈ যাওতেই উত্তেজিত ৰাইজে দুগৰাকী মহৰীক আবদ্ধ কৰে৷
ডিব্ৰুগড় জিলাৰ টিংখাং বিধান সভাৰ সমষ্টিৰ আঘোণীবাৰী গাঁৱত বুঢ়িদিহিং নৈৰ খহনীয়া ৰোধৰ নামত নিৰ্মাণ কৰা মথাউৰিৰ প্ৰায় ৫০ মিটাৰ অংশ উটুৱাই নিয়াত ক্ষোভিত হৈ পৰে ৰাইজ৷ তাৰ মাজতে ডিব্ৰুগড় জলসম্পদ সংমণ্ডলৰ দুগৰাকী মহৰীয়ে আজি উটুৱাই নিয়া অংশটো পৰিদৰ্শন কৰিবলৈ যাওতে এগৰাকী মহৰীক ৰাইজে পানীত দলিয়াই দিয়া বুলি সাংবাদিকক অৱগত কৰে৷