ডিফুঃ সমগ্ৰ কাৰ্বি আংলঙত আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্যাপন কৰা হয় কাৰ্বি ছাত্ৰ সন্থা চমুকৈ কে এছ এৰ ৫৮সংখ্যাক প্ৰতিষ্ঠা দিৱস৷ বহুধা বিভক্ত কেএছ এই আজি সদৰ চহৰ ডিফু জয়চিং দলৈ সোঁৱৰণী প্ৰেক্ষাগৃহ আৰু ৰংথিয়াংস্থিত মুখ্য কাৰ্যালয়ত পৃথকে পৃথকে প্ৰতিষ্ঠা দিৱসটি পালন কৰা পৰিলক্ষিত হয়৷
দুয়োটা কাৰ্যসূচীত ক্ৰমে পতাকা উত্তোলন কৰে সভাপতি চিমিয়ণ ৰংফাৰ আৰু বিজয় বে’ই, শ্বহীদ তৰ্পণ কৰে ক্ৰমে কেএছএৰ উপদেষ্টা তথা এছ ৱাই চিৰ আহ্বায়ক লাইচান ইংলেং আনফালে সাধাৰণ সম্পাদক মণিৰাম টকবীয়ে৷