63
কোকৰাঝাৰঃ স্বাধীনতা দিৱসৰ পূৰ্বে কোকৰাঝাৰ জিলাৰ কচুগাওঁ থানাৰ অন্তৰ্গত ঘন জংঘলৰ পৰা আৰক্ষীয়ে বিস্ফোৰক উদ্ধাৰ কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
কোকৰাঝাৰ আৰক্ষী আৰু ২১০ নং কোব্ৰা ৰেজিমেণ্টে কালি নিশা জিলাখনৰ কচুগাঁও থানাৰ অন্তৰ্গত মালভোগৰ ঘন জংঘলত যৌথ অভিযান চলাই যুদ্ধবিৰতিত থকা আদিবাসী ড্ৰাগন ফৰ্চৰ প্লেটুন কামাণ্ডাৰ সুফল হেমব্ৰমক কৰায়ত্ব কৰে।