ডিব্ৰুগড়ঃ এইবাৰ গাঁওবুঢ়াৰ বিৰুদ্ধে উপায়ুক্তক অভিযোগ৷ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত মোহনবাৰী গাঁও পঞ্চায়তৰ হাৰাবাৰী কোঁৱৰ গাঁৱৰ গাঁওবুঢ়া মিলন শইকীয়াৰ বিৰুদ্ধে হাৰাবাৰী কোঁৱৰ গাঁও আৰু তিতা ডিমৰু গাঁৱৰ ৰাইজে দুৰ্নীতিৰ আৰু একনায়কত্ববাদৰ অভিযোগ উত্থাপন কৰিছে।
হাৰাবাৰী কোঁৱৰ গাঁও আৰু তিতা ডিমৰু গাঁও খণ্ডৰ ৰাইজে ডিব্ৰুগড় জিলাৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰি গাঁও বুঢ়া মিলন শইকীয়াক অতি শীঘ্ৰে গাঁওবুঢ়া পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায়। গাঁওবুঢ়া মিলন শইকীয়াই এলেকাৰ কোনো ব্যক্তিয়ে প্ৰমাণ পত্ৰ নিব আহিলে প্ৰত্যেকৰ পৰা মাচুল আদায় লোৱাৰ লগতে এন আৰ চিৰ নথি-পত্ৰৰ নামত অবৈধ ভাৱে অত্যাধিক মাচুল আদায় কৰিছিল বুলি অভিযোগ উত্থাপন কৰে ৰাইজে।