54
গোসাঁইগাঁওঃ ব্ৰাজিলৰ বিৰুদ্ধে অভিযান চলালে অসম আৰক্ষীয়ে৷ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও আৰক্ষীয়ে কেইবাঘন্টা ধৰি অভিযান চলাই অৱশেষত সফল হ’ল ব্ৰজিলক ধৰিবলৈ৷
গোসাঁইগাঁও মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ অক্সিগুৰি গাঁৱৰ পৰা যোৱা নিশা ব্ৰাজিলক আটক কৰে আৰক্ষীয়ে৷ দুৰ্ধৰ্ষ এন ডি এফ বিৰ সদস্য ব্ৰাজিল থো নাৰ্জাৰীয়ে ধন দাবী আদিকে ধৰি কেইবাটাও কূটাঘাট সংঘটিত কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।