56
নাওকাটাঃ ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাৰ ভোলাঝাৰৰ উপৰখুঁটিত আজি স্বেচ্ছাসেৱী অনুষ্ঠান ছানৰাইজ য়ুথ ক্লাৱৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।
বাক্সা জিলা স্বাস্থ্য বিভাগৰ সহযোগত অনুষ্ঠিত স্বাস্থ্য শিবিৰত ভোলাঝাৰ, বাঙালীপাৰা, দেউচুঙাৰ ৫ শতাধিক লোকে স্বাস্থ্য পৰীক্ষা কৰে। মেলেৰীয়া, ডায়েৰিয়া, টাইফয়েড আদিৰ লগতে দাঁতৰ ৰোগৰো পৰীক্ষা কৰে চিকিৎসকসকলে।