80
কোকিলাঃ বঙাইগাঁও আৰক্ষীৰ অভিযানত চুৰি চাহপাতসহ জালত পৰিল ট্ৰাক চোৰ৷ জিলাখনৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকাবাৰী আৰক্ষী চকীৰ এটি দলে এখন চোৰাং চাহপাত ভৰ্তি ট্ৰাক জব্দ কৰাৰ লগতে ৩ চোৰক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, যোৱা ১৮ জুলাইত তিনিটুকীয়াৰ ষ্টেণ্ড ৰোড কেৰিয়াৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানটোৰ পৰা এখন চাহপাত ভৰ্তি ট্ৰাক গুৱাহাটী অভিমুখে আহি আছিল৷ চাহপাত ভৰ্তি ট্ৰাকখনৰ লক্ষ্যস্থান আছিল গুৱাহাটীৰ দুলাল টি হাউছ।