64
বিহালীঃ ৰাজ্যৰ ২৬ খন জিলা বানৰ কবলত পৰি সকলো হেৰুৱাই হাহাকাৰ কৰিবলগীয়া হৈছে৷ বিশেষকৈ কঠিয়া বানে নষ্ট কৰাত মূৰে-কপালে হাত দিব লগা হৈছে কৃষকসকলে৷
কৃষকৰ এনে দুৰৱস্থাৰ বাবেই বানে ধোৱা অঞ্চলসমূহত কৃষকক কঠিয়া যোগান ধৰিব ৰাজ্যৰ কৃষি বিভাগে। সেয়ে আজি বিশ্বনাথত পথাৰত নামিল জলসিঞ্চন মন্ত্ৰী ৰঞ্জিত দত্ত আৰু বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ।