কোকৰাঝাৰঃ যি সময়ত বানত সৰ্বস্বান্ত হৈ দুজনকৈ কৃষকে আত্মহত্যা কৰিছে তেনে সময়তে নৰন্দ্ৰে মোদী চৰকাৰে অসমৰ কৃষকলৈ আৰ্থিক সাহায্য ঘোষণা কৰাৰ সলনি গুজৰাটলৈ বিশাল অংকৰ ধন বান সাহায্য হিচাপে আগবঢ়োৱা কাৰ্যই প্ৰকৃততে কেন্দ্ৰই যে অসমক এতিয়াও মাহী আইৰ দৃষ্টিৰে চাই সেয়া তাৰেই বহি:প্ৰকাশ। এই মন্তব্য কৰিছে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে।
আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সম্পাদক অৰবিন্দ নাথে উক্ত মন্তব্য প্ৰকাশ কৰি বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। বিবৃতিত নাথে কয় যে মৰিগাঁও জিলাৰ বৰদোৱাটুপৰ অস্থায়ী বান শিবিৰত থকা কুশল নাথ যোৱা ২২ জুলাইত বানৰ ফলত ভেটি, মাটি হেৰুৱাই সৰ্বস্বান্ত হৈ আত্মহত্যা কৰিছিল। ইয়াৰ পিছত পুনৰাই পাটেল চৌহান নামৰ আন এজন কৃষকে বানত সৰ্বস্বান্ত হৈ আত্মহত্যা কৰে।