গোৰেশ্বৰ/দলংঘাটঃ যোগাভ্যাসেৰে নিৰোগী হব পাৰি৷ নিৰোগী হ’বলৈ সকলোৱে যোগ কৰিব লাগিব৷ ইয়াকে সাৰোগত কৰি বাক্সা আৰু দৰং জিলাৰ সীমাৱৰ্ত্তী দৰং জিলাৰ আন্ধেৰীঘাটত পতঞ্জলি যোগপীঠে যোগ শিবিৰৰ আয়োজন কৰে৷
যোৱা ২২ জুলাইৰ পৰা আন্ধেৰীঘাট হাইস্কুলৰ খেলপথাৰত চলি থকা যোগাসন শিবিৰৰ মঙলবাৰে সামৰণি পৰে। হৰিদ্বাৰৰ পতঞ্জলি যোগপীঠৰ পৰা আমন্ত্রণ কৰি অনা যোগগুৰু সত্যনাথ গুৰুজী আৰু দৰং জিলাৰ যোগ প্ৰচাৰক প্ৰহ্লাদ দাসৰ তত্বাৱধানত প্ৰতিদিনে প্ৰায় ২০০ গৰাকী লোকে যোগাভ্যাস কৰে।