জয়সাগৰঃ ৰাজ্যৰ শতকৰা ৭০ শতাংশ পৰিয়ালে খেতি-বাটি কৰি পৰিয়াল পোহ দি আহিছে৷ ৰাজ্যৰ খনৰ দৰিদ্ৰ কৃষকৰ পুতৌলগা ছবি খন সময়ে সময়ে কৃষকে কৰা আত্মাহত্যা যোগে প্ৰকাশ হৈ আহিছে৷ বানপানী গৰাখহনীয়া কবলত পৰি খেতিৰ মাটি, পথাৰৰ শস্য, পুখুৰীৰ মাছ আদি হেৰুৱাব লগা হয়৷ ধান খেতি, গৰু গাহৰি পুহি, পুখুৰীত মাছ এৰি অতি কষ্টৰে জীৱন নিৰ্বাহ কৰে ৰাজ্যখনৰ খেতিয়কে৷
নিজৰ লৰা-ছোৱালীক খেতিৰ উপাৰ্জনৰ টকা কেইটাৰে পঢ়াই-শুনাই ডাঙৰ মানুহ কৰিব খোজো পৰিয়ালটোৰ সদস্য সকলৰ বেমাৰ-আজাৰ, লৰা-ছোৱালীৰ কিতাপ পত্ৰ, কাপোৰ-কানিৰ পৰা ভাত সাজলৈকে খেতিৰ উপাৰ্জনৰে চলে৷ তাৰ মাজতে ধান খেতিত কীট-পতংগৰ আক্ৰমণ, পুখুৰীত পোহা মাছৰ নানা ৰোগে আক্ৰমণ কৰাৰ ফলত ভাৰাক্ৰান্ত হয় দৰিদ্ৰ কৃষক সকল৷