সৰভোগঃ চৰকাৰ গঠন কৰিয়ে সত্ৰৰ বেদখল উচ্ছেদ কৰি চমক সৃষ্টি কৰা ৰাজ্যৰ সোণোৱাল নেতৃত্বাধীন চৰকাৰে হয়তো এতিয়া সত্ৰৰ কথা পাহৰি গ’ল৷ নিৰ্বাচনৰ সময়ত সত্ৰ সংৰক্ষণৰ শ্ল’গান দিয়া বিজেপি দলে অস্তিত্বৰ সংকটত পৰা বৰপেটা জিলাৰ বহু সত্ৰৰ কথা হয়তো অৱগত নহয়৷
দলটোৰ ৰাজ্যিক সভাপতিৰ গৃহ জিলাৰ পাঁচ খনকৈ সত্ৰৰ ইতিহাস বিলীন হ’ব ওলাইছে যদিও কান-সাৰ নাই ৰণজিৎ কুমাৰ দাসৰ৷ ৰাজ্যৰ দল-সংগঠনে সময়ে সময়ে সংস্কৃতিৰ বৰ-ঘৰ স্বৰূপ ঐতিহাসিক সত্ৰ সমূহ ৰক্ষণা বেক্ষণ দিবলৈ ৰাজ্য চৰাকৰক দাবী উত্থাপন কৰে যদিও চৰকাৰে এই দাবীক গুৰুত্ব সহকাৰে লোৱা দেখা নাযায়৷