65
ডিজিটেল ডেস্কঃ দেশত ক্ৰমাত বৃদ্ধি পাইছে চেলফি উন্মাদনা৷ এই উন্মাদনাৰ ফলতেই প্ৰায় প্ৰত্যেক দিনাই শোকাৱহ মৃত্যুক সাবটি ল’বলগীয়া হৈছে বহুতে৷ পুনৰ তেনে এক ঘটনাৰ পুনৰাবৃত্তি ঘটিল বাংগালুৰুত৷
বেংগালুৰু মিৰ’ৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি বানেৰঘাটা জীৱবিজ্ঞান উদ্যানত সংঘটিত হয় এই ঘটনা৷ মংগলবাৰ বাবে উক্ত দিনা বন্ধ আছিল উদ্যানখন৷ কিন্ত দুই বন্ধুৰ সৈতে অভিলাষ নামৰ যুৱকজন গৈছিল উদ্যানলৈ৷