75
ডিজিটেল ডেস্কঃ হত্যাৰ ভাবুকি লাভ কৰিছে অভিনেত্ৰী আয়েশা টাকিয়াৰ স্বামীয়ে। লগতে অভিনেত্ৰী আয়েশাকো হিন্দু সেনা গোষ্ঠী নামৰ সংগঠন এটাৰ নাম লৈ গুলীৰে থকা-সৰকা কৰাৰ ভাবুকি প্ৰদান কৰিছে কোনো অজ্ঞাত দুৰ্বৃত্তই। অচিনাকি ফোন নম্বৰৰ পৰা দুয়ো লাভ কৰিছে এই ভাবুকি।
হত্যাৰ ভাবুকি প্ৰদান কৰাজনৰ দৃষ্টিত আয়েশাৰ স্বামীৰ অপৰাধ হৈছে মুছলমান হৈয়ো হিন্দু যুৱতীক বিয়া কৰোৱা। একেদৰে আয়েশাৰ অপৰাধ হৈছে হিন্দু হৈয়ো মুছলমান যুৱক এজনক স্বামী হিচাপে বৰণ কৰাতো।